জিকা ভাইৰাছ

জিকা ভাইৰাছ আৰু ইয়াৰ সংক্ৰমণৰ কাৰণ

সন্তুলিত তথা সুস্বাস্থ্যৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি সম্পৰ্কে সম্যক জ্ঞান থকাটো নিতান্তই প্ৰয়োজন। ৰোগৰ পৰা বাছি নিৰাপদে থাকিবলৈ এক ঋতুকালীন ৰোগ জিকা ভাইৰাছৰ বিষয়ে তলত থূলমূলকৈ আলোচনা কৰা হ’ল। ১৯৪৭ চনত উগাণ্ডা (জিকা অৰণ্য) ত প্ৰথম ধৰা পৰা জিকা ভাইৰাছ; মহৰ দ্বাৰা উদ্ভূত আৰু ফ্লেভিভাইৰাছ পৰিয়ালৰ অন্তৰ্গত এবিধ ৰোগ। সাধাৰণতে, আক্ৰান্ত মহে, বিশেষকৈ ক্ৰান্তীয় অঞ্চলসমূহত উপলব্ধ এডিছ গোত্ৰৰ অন্তৰ্গত এডিছ ইজিপ্টি মহে কোনো … Continue reading জিকা ভাইৰাছ আৰু ইয়াৰ সংক্ৰমণৰ কাৰণ

ফ'চবুৰি ফ্লপ

ফ’চবুৰি ফ্লপ – হাই জাম্পিঙৰ এক কলাত্মক কৌশল

ক্ৰীড়াবিদসকলে বিভিন্ন ক্ৰীড়াত তেওঁলোকৰ শ্ৰেষ্ঠতৰ প্ৰদৰ্শন দাঙি ধৰাৰ উদ্দেশ্যে পদাৰ্থবিজ্ঞানৰ বিভিন্ন ধাৰণাৰ সহায় লোৱা প্ৰায়ে দেখা যায়। আধুনিক বৈজ্ঞানিক সা-সঁজুলিৰ বিকাশ আৰু ক্ৰীড়াক্ষেত্ৰত এ‌ইবোৰৰ ব্যৱহাৰে কোনো এবিধ খেলক আকৰ্ষণীয় ৰূপত বুজি পোৱাত এক বিশেষ ভূমিকা পালন কৰিছে। অৱশ্যে, আধুনিক সঁজুলিৰ ব্যৱহাৰৰ নকৰাকৈও খেলুৱৈসকলে তেওঁলোকৰ প্ৰদৰ্শন উন্নত কৰাৰ উদ্দেশ্যে প্ৰাথমিক বিজ্ঞানৰ কিছুমান ধাৰণা ব্যৱহাৰ কৰি আহিছে। ফ’চবুৰি ফ্লপ হৈছে এনে এবিধ কলাত্মক কৌশল, যিয়ে হাই জাম্পৰ … Continue reading ফ’চবুৰি ফ্লপ – হাই জাম্পিঙৰ এক কলাত্মক কৌশল

ৰক্ত পৰীক্ষাৰ পদ্ধতি

শব্দ তৰংগৰ সহায়ত ৰক্ত পৰীক্ষাৰ পদ্ধতি

গৱেষক সকলে শব্দ তৰংগ ব্যৱহাৰ কৰি ৰক্তৰ পৰা তথ্য নিৰ্ণয়ৰ বাবে এটা পদ্ধতি উদ্ভাৱন কৰি উলিয়াইছে। এই নতুন কৌশলে ৰক্ত পৰীক্ষাৰ পদ্ধতিক অধিক কাৰ্যক্ষম আৰু বিশ্বাসযোগ্য কৰি তোলাৰ ক্ষেত্ৰত এখন নতুন দুৱাৰ মুকলি কৰিছে। প্ৰচলিত ৰক্ত পৰীক্ষাৰ প্ৰণালীৰ দৰে ( আল্ট্ৰাচেন্ট্ৰিফিউজেছ বা কেমিকেল টেগ), নতুন পদ্ধতিটোত ৰক্তৰ নমুনা ক্ষতি নহয়। তেজত এক্স’জম নামৰ সৰু নলিকা কিছুমান থাকে যি আৰ.এন.এ, প্ৰ’টিন বা অন্যান্য আণৱিক দ্রব্য বিলাক … Continue reading শব্দ তৰংগৰ সহায়ত ৰক্ত পৰীক্ষাৰ পদ্ধতি

পৰুৱাৰ পথ

পৰুৱাৰ পথ আৰু মানৱ যাতায়ত ব্যৱস্থা

সৱাতোকৈ চুটি পথ বাছি উলিওৱাটো প্ৰকৃতিৰ নিয়ম । আনকি ফাৰ্মাট নীতি অনুসৰি পোহৰেও সৰলৰৈখিক পথ অনুসৰণ কৰে যাতে ন্যূনতম দূৰত্বহে অতিক্ৰম কৰিব লগা হয় । পৰুৱাও ইয়াৰ ব্যতিক্ৰম নহয় । এখন পৰুৱাৰ উপনিৱেশত এটা পৰুৱাই অকলে যাদৃচ্ছিকভাৱে বিচৰণ কৰে আৰু খাদ্যৰ সন্ধান কৰে। উলটি অহাৰ সময়ত পথটোত ফেৰ’ম’ন নামৰ এক ৰাসায়নিক পদাৰ্থ নি:সৰণ কৰে । উপনিৱেশটোৰ অন্য পৰুৱাবোৰে খাদ্যৰ সন্ধানত আন যিকোনো পথেই বিচাৰি ল’ব … Continue reading পৰুৱাৰ পথ আৰু মানৱ যাতায়ত ব্যৱস্থা

বিজ্ঞান সংস্কৃতি

সংস্কৃতি আৰু বিজ্ঞান সংস্কৃতি

সংস্কৃতি বুলিলে মানৱ সমাজত প্ৰচলিত সামাজিক আচৰণ তথা নিয়মাৱলীকে বুজা যায়। প্ৰত্নতাত্ত্বিক যুগৰ পৰা ক্ৰমান্বয়ে মানুহৰ ক্ৰমবিকাশৰ লগে লগে সমাজত প্ৰচলিত সংস্কৃতিৰো ক্ৰমবিকাশ ঘটি আহিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ৰমবৰ্দ্ধমান উন্নয়নে সংস্কৃতিলৈ ন ন ৰং ৰূপৰ অৰিহণা আগবঢ়াইছে। মানুহৰ বিভিন্ন জাতি জনজাতি, তেওঁলোকৰ উৎপত্তি, সামাজিক গাঁঠনি, আচৰণবিধি আদি বিষয়ক অধ্যয়নতো সংস্কৃতিক এক কেন্দ্ৰীয় বিষয় হিচাপে গ্ৰহণ কৰা হয়। বিখ্যাত দাৰ্শনিক Richard L Velkley ৰ মতে সংস্কৃতিৰ সৰ্বপ্ৰথম … Continue reading সংস্কৃতি আৰু বিজ্ঞান সংস্কৃতি

পোহৰ

পদাৰ্থবিজ্ঞানৰ দৃষ্টিত পোহৰ

আমাৰ দৈনন্দিন জীৱনত পোহৰৰ ভূমিকা অপৰিসীম আৰু সেয়েহে পোহৰৰ বিষয়ে জানিবলৈ প্ৰাচীনকালৰে পৰা‌ই মানুহৰ কৌতুহলৰ অন্ত নাই। বহুতো দাৰ্শনিক আৰু বিজ্ঞানীয়ে ইতিহাসৰ বিভিন্ন সময়ত পোহৰৰ বিষয়ে অধ্যয়ন কৰি মানুহৰ জ্ঞান সমৃদ্ধ কৰি থৈ গৈছে। পদাৰ্থবিজ্ঞানৰ যিটো বিভাগত পোহৰৰ বিষয়ে অধ্যয়ন কৰা হয় তাক “আলোক বিজ্ঞান” বা “পোহৰ বিজ্ঞান” (Optics) নামেৰে জনা যায়। প্ৰাচীন কালৰ বিভিন্ন দাৰ্শনিক-বিজ্ঞানীৰ অধ্যয়নৰ পৰা এ‌ই কথা স্পষ্ট হৈছিল যে সৰলৰেখাত গতি … Continue reading পদাৰ্থবিজ্ঞানৰ দৃষ্টিত পোহৰ

কম্পিউটেশ্যনেল

কম্পিউটেশ্যনেল অধ্যয়নৰ প্ৰাৰম্ভিক ধাৰণা

কম্পিউটাৰ প্ৰয়োগ নকৰাকৈ কোনোবাই গৱেষণাৰ কাম কাজ পৰিচালনা কৰাৰ কথা কল্পনা কৰিব পাৰিবনে? আধুনিক কালত সেয়া কল্পনাৰো অগোচৰ। গৱেষণামূলক পাণ্ডুলিপি মুদ্ৰন কৰাৰ পৰা আৰম্ভ কৰি অন্যান্য বহুতো ক্ষেত্ৰত ইয়াৰ বহুল প্ৰয়োগ দেখা যায়। বৰ্তমান নি:সন্দেহে কাগজ কলমৰ সহায় লৈ কৰা বিশ্লেষণাত্মক অধ্যয়নতকৈ কম্পিউটেশ্যনেল অধ্যয়নৰ সমাদৰ অধিক। অৱশ্যে সেই অধ্যয়ন হে অধিক গ্ৰহণযোগ্য য’ত একোটা সমস্যাৰ বিশ্লেষণাত্মক, কম্পিউটেশ্যনেল তথা পৰীক্ষামূলক; তিনিধৰণৰ অধ্যয়নৰ দ্বাৰা একেই সমাধান উপলব্ধ … Continue reading কম্পিউটেশ্যনেল অধ্যয়নৰ প্ৰাৰম্ভিক ধাৰণা

অস্বাভাৱিক হৃদ স্পন্দন

অস্বাভাৱিক হৃদ স্পন্দন চিনাক্তকৰণৰ বাবে উদ্ভাৱন কৰা হৈছে নতুন মোবাইল এপ

বৰ্তমান সময়ত স্মাৰ্ট ফোন সমূহৰ ব্যৱহাৰ কেৱল সংযোগ স্থাপন আৰু বিনোদনতে সীমাৱদ্ধ হৈ থকা নাই, বৰঞ্চ স্বাস্থ্যৰ লগতো ওতপ্ৰোত ভাৱে জড়িত হৈ পৰিছে। MIT News ত প্ৰকাশিত এক শেহতীয়া তথ্য অনুসৰি অস্বাভাৱিক হৃদ স্পন্দন চিনাক্তকৰণৰ দ্বাৰা হাৰ্ট ষ্ট্ৰোকৰ আগজাননী লাভ কৰাৰ বাবে, এক সংবাহ্য ৰোগ নিৰ্ণায়ক সঁজুলি হিচাপেও স্মাৰ্ট ফোনক ব্যৱহাৰ কৰিব পাৰি। মানুহৰ শৰীৰটো এটা সমকালিক যন্ত্ৰৰ দৰে আৰু আমাৰ মুখমণ্ডল হ’ল সেই যন্ত্ৰৰ … Continue reading অস্বাভাৱিক হৃদ স্পন্দন চিনাক্তকৰণৰ বাবে উদ্ভাৱন কৰা হৈছে নতুন মোবাইল এপ

মাইক্ৰ’ফ্লুইডিক্স

মাইক্ৰ’ফ্লুইডিক্সৰ নৱ সংযোজন- বৈদ্যুতিক শক্তিৰ সহায়ত পৰিচালনা

Programmable droplet প্ৰকল্পৰ সফল পৰিসমাপ্তিৰ লগে লগে মাইক্ৰ’ফ্লুইডিক্সৰ জগতখনত এক নতুন যুগৰ সূচনা হ’ল। মাইক্ৰ’ফ্লুইডিক্স হ’ল এটা বহুবিষয়ক শাখা য’ত আকৃতিগত ভাৱে অতি ক্ষুদ্ৰ তৰলৰ আচৰণ, সেই আচৰণক সূক্ষ্মভাৱে নিয়ন্ত্ৰিত কৰাৰ কৌশল আৰু সেইমতে পৰিচালনা কৰাৰ বিষয়ে বিষদভাৱে অধ্যয়ন কৰা হয়। বিভিন্ন ক্ষেত্ৰত এই শাখাটোৰ প্ৰায়োগিক ব্যৱহাৰ আছে। এইক্ষেত্ৰত বিশেষকৈ আণৱিক জীৱবিজ্ঞানৰ নাম উনুকিয়াব পাৰি। মাইক্ৰ’ফ্লুইডিক্সৰ জৰিয়তে জীৱবিজ্ঞানী সকলৰ সুবিধাৰ্থে সম্পূৰ্ণ কোষীয় বাতাৱৰণ নিয়ন্ত্ৰণ কৰাৰ … Continue reading মাইক্ৰ’ফ্লুইডিক্সৰ নৱ সংযোজন- বৈদ্যুতিক শক্তিৰ সহায়ত পৰিচালনা

কিউডিট্‌চ

কোৱাণ্টাম কম্পিউটিঙৰ এক নতুন পৰিভাষা: কিউডিট্‌চ

কোৱাণ্টাম কম্পিউটেশ্যনৰ পৃথিৱীখনৰ দ্ৰুত বিকাশৰ লগে লগে কিউডিট্‌চ (Qudits) নামৰ এক নতুন পাৰিভাষিক শব্দ বিজ্ঞানৰ অভিধানখনত অন্তৰ্ভুক্ত কৰাৰ সময় সমাগত হৈছে। কিউডিট্‌চৰ ধাৰণাটো বৰ্তমান প্ৰচলিত কিউবিট্‌চ (Qubits)-ৰ ধৰণাতকৈ সম্পূৰ্ণৰূপে পৃথক আৰু ইয়াক ভৱিষ্যতৰ কোৱাণ্টাম কম্পিউটেশ্যনৰ এক নতুন ধাৰা হিচাপে বৰ্ণনা কৰিব পাৰি। ইতিমধ্যে প্ৰচলিত কিউবিটে ০ আৰু ১ দুটা দশাৰ মাধ্যমেৰে কাম কৰাৰ বিপৰীতে কিউডিটে সাধাৰণতে ১০ বা তাতোধিক দশাৰ মাধ্যমেৰে কাম কৰে। একধৰণৰ মাইক্ৰ’চিপ … Continue reading কোৱাণ্টাম কম্পিউটিঙৰ এক নতুন পৰিভাষা: কিউডিট্‌চ